Xihoron Lyrics – Sannidhya Bhuyan

Xihoron Lyrics – Sannidhya Bhuyan

Song Details:-

Song: Xihoron (2020)
Singer: Sannidhya Bhuyan & Adam Mahfuz
Lyrics: Sanjib Bhuyan
Composition: Sannidhya Bhuyan
Music: Adam Mahfuz
Music Label: Jonak

শিহৰণ Lyrics in Assamese

জীয়াই থকাৰ মোৰ
উলাহ অনন্য হাঁহিৰে পাহৰোঁ
শূন্য বিভিন্ন

প্রতিক্ষণ অনুক্ষণ ৰঙীন শিহৰণ
মোৰ দুটি নয়ন সপোনত মগন
মোৰ দুটি নয়ন সপোনত মগন

মনপথাৰত আশাৰ কঠীয়া (সিঁচো)
চপাবলে’ জীৱনৰ শইচ বৰণীয়া (আৰু)
এই আশা অনুপম নিতে পাহৰাই মৰম
কৰে মৰম অনুপম

মনপথাৰত আশাৰ কঠীয়া (সিঁচো)
চপাবলে’ জীৱনৰ শইচ বৰণীয়া (বৰণীয়া)
এই আশা অনুপম নিতে পাহৰাই মৰম
কৰে মৰম অনুপম

সৰগ নমা এই ধুনীয়া ধৰণীত
কিয় যে গঢ়ো আমি কুটিল পৃথিৱী
তোৰ-মোৰ-তোৰ নাহে যে টোপনি (টোপনি)

সৰগ নমা এই ধুনীয়া ধৰণীত
কিয় যে গঢ়ো আমি কুটিল পৃথিৱী
তোৰ-মোৰ-তোৰ নাহে যে টোপনি (টোপনি)

ৰ’দে বৰষুণে ঘূৰোঁ, পথ এঁকাবেঁকা
বিচাৰোঁতে দিন যায় মৰম ভালপোৱা
তথাপি নৰওঁ মই, নাই মোৰ হতাশা
দিন দিন প্রতিদিন নাই মই ভাগৰা

এটিবাৰৰে জীৱন বিয়পি মৰম
হৈ ৰওক বিতোপন
হওক বিতোপন
এটিবাৰৰে জীৱন হৈ ৰওক বিতোপন

মনপথাৰত আশাৰ কঠীয়া (সিঁচো)
চপাবলে’ জীৱনৰ শইচ বৰণীয়া (আৰু)
এই আশা অনুপম নিতে পাহৰাই মৰম
কৰে মৰম অনুপম

মনপথাৰত আশাৰ কঠীয়া (সিঁচো)
চপাবলে’ জীৱনৰ শইচ বৰণীয়া (বৰণীয়া)
এই আশা অনুপম নিতে পাহৰাই মৰম
কৰে মৰম অনুপম

Xihoron Music Video

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top